Matthew 2

২ অধ্যায়।

জ্যোতিষী পণ্ডিত সকল অহা

1হেৰোদ যেতিয়া ৰজা আছিল, তেতিয়া যিহূদীয়াৰ বৈৎলেহমত যীচুৰ জন্ম হল৷ সেই সময়ত পূব দেশৰ পৰা কেইজনমান জ্যোতিষী পণ্ডিতে যিৰূচালেমলৈ আহি সুধিলে, 2“ইহুদী সকলৰ যি জন ৰজা জন্মিছে, তেওঁ ক’ত? কিয়নো পূব দিশত আমি তেওঁৰ তৰা দেখা পালো, আৰু তেওঁক প্ৰণিপাত কৰিবলৈ আহিছো।”

3

এই কথা শুনাত হেৰোদ ৰজাৰ লগতে গোটেই যিৰূচালেমত উগুল-থুগুল লাগিল।

4

তেতিয়া হেৰোদে সকলো প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলক একেলগে মাতি সুধিলে, “খ্ৰীষ্টই কোন ঠাইত জন্ম গ্রহণ কৰিব?”
5তেওঁলোকে তেওঁক ক’লে, “যিহূদিয়া প্রদেশৰ বৈৎলেহমত; কিয়নো ভাববাদীৰ দ্বাৰাই এইদৰে লিখা আছে,

6 আৰু তুমি, যিহূদা প্রদেশৰ বৈৎলেহম,
তুমি যিহূদাৰ অধিপতি সকলৰ মাজত কোনোমতে
নগণ্য নহয়।
কিয়নো তোমাৰ মাজৰ পৰাই এজন শাসনকর্তা
ওলাব, তেৱেঁ মোৰ লোক ইস্ৰায়েলক চৰাব।”
2:6 মীখা 5:2

7

তেতিয়া হেৰোদে সেই জ্যোতিষী পণ্ডিত কেইজনক গুপুতে মাতি সেই তৰা সঠিকৰূপে কোন সময়ত দেখা গৈছিল সেই বিষয়ে তেওঁলোকৰ পৰা জানিবৰ বাবে সুধিলে।
8তাৰ পাছত তেওঁলোকক বৈৎলেহমলৈ যাব দি ক’লে, “আপোনালোকে গৈ সেই ল’ৰা জনৰ বিষয়ে ভালদৰে বিচাৰ লওঁক; আৰু বিচাৰি পালে, তেওঁৰ সম্বাদ আহি মোক দিব, তেতিয়া ময়ো গৈ তেওঁক প্ৰণিপাত কৰিব পাৰিম।”

9

ৰজাৰ এই কথা শুনি তেওঁলোক গুচি গ’ল; তাতে যি তৰা তেওঁলোকে পূব দিশত দেখিছিল, সেই তৰা তেওঁলোকৰ আগে আগে গৈ ল’ৰা জন থকা ঠাই পাই, তাৰ ওপৰত ৰৈ থাকিল।
10তাতে সেই তৰা দেখি, তেওঁলোক আনন্দত আত্মহাৰা হ’ল।

11

তাৰ পাছত তেওঁলোকে ঘৰৰ ভিতৰলৈ সোমাই গৈ মাতৃ মৰিয়মে সৈতে শিশুটিক দেখি নতশিৰে প্ৰণাম কৰি তেওঁৰ আৰাধনা কৰিলে। তাৰ পাছত নিজৰ নিজৰ বহুমূলীয়া বস্তুৰ টোপোলা মেলি, সোণ, ধূনাএঁঠা আৰু গন্ধৰস উপহাৰ দিলে।
12পাছত হেৰোদৰ ওচৰলৈ উলটি নাযাবৰ বাবে তেওঁলোকে সপোনত ঈশ্বৰৰ পৰা আদেশ পালে আৰু বেলেগ বাটেৰে নিজৰ নিজৰ দেশলৈ গুচি গ’ল।

বৈৎলেহমৰ শিশু পুত্র সকলক বধ কৰা

13

তেওঁলোক যোৱাৰ পাছত, প্ৰভুৰ এজন দূতে সপোনত যোচেফক দৰ্শন দি ক’লে, “উঠা, ল’ৰা জনক আৰু তেওঁৰ মাকক লৈ, মিচৰ দেশলৈ পলাই যোৱা আৰু মই তোমাক নোকোৱা পর্যন্ত তাতে থাকিবা; কিয়নো ল’ৰা জনক বিনাশ কৰিবৰ কাৰণে হেৰোদে তেওঁক বিচাৰি আছে।”
14সেই নিশাই যোচেফে উঠি, শিশু আৰু তেওঁৰ মাকক লৈ মিচৰ দেশলৈ গ’ল, 15আৰু হেৰোদৰ মৃত্যুলৈকে তেওঁলোক সেই ঠাইতে থাকিল। “মিচৰ দেশৰ পৰা মই মোৰ পুত্ৰক মাতিলো”
2:15 হোচেয়া 11:1
এই যি বচন ভাববাদীৰ দ্বাৰাই প্ৰভুৱে কোৱাইছিল, এই বচন সিদ্ধ হবলৈ এইদৰে ঘটিল।

16

জ্যোতিষী পণ্ডিত কেইজনৰ দ্বাৰাই নিজকে বঞ্চিত হোৱা দেখি হেৰোদ অতিশয় ক্রুদ্ধ হ’ল। তেওঁ জ্যোতিষী পণ্ডিত কেইজনৰ পৰা যি সময়ৰ কথা জানিছিল, সেই কাল অনুসাৰে দুবছৰ আৰু তাতকৈ কম বয়সৰ যিমান ল’ৰা শিশু বৈৎলেহম আৰু ইয়াৰ আশে-পাশে থকা অঞ্চল সমূহত আছিল, সেই সকলোকে বধ কৰিবলৈ আদেশ দিলে।

17

যিৰিমিয়া ভাববাদীৰ দ্বাৰাই যি কথা কোৱা হৈছিল, সেয়া পূর্ণ হ’ল:
2:17 যিৰিমিয়া 31:15

18 “ৰামাত এটা মাত শুনা গ’ল,
বিলাপৰ ৰোল আৰু মহা-শোক,
ৰাহেলে নিজৰ সন্তান সকলৰ কাৰণে ক্রন্দন কৰিছে আৰু
তেওঁ শান্ত্বনা পাবলৈও ইচ্ছা কৰা নাই, কাৰণ তেওঁলোকৰ কোনো পুনৰ জীয়াই থকা নাই।”

মিচৰৰ পৰা যোচেফ আৰু মৰিয়মৰ প্রত্যাৱর্তন

19

পাছত হেৰোদৰ মৃত্যু হোৱাত, প্ৰভুৰ এজন দূতে মিচৰ দেশত যোচেফক সপোনত দৰ্শন দি ক’লে,
20“উঠা, ল’ৰা জন আৰু তেওঁৰ মাকক লৈ ইস্ৰায়েল দেশলৈ উলটি যোৱা; কিয়নো যি সকলে এই ল’ৰা জনৰ প্ৰাণ নাশৰ চেষ্টা কৰিছিল, তেওঁলোকৰ মৃত্যু হ’ল।” 21তেতিয়া যোচেফে উঠি, ল’ৰা আৰু তেওঁৰ মাকক লৈ ইস্ৰায়েল দেশলৈ আহিল।

22

কিন্তু যেতিয়া যোচেফে শুনিলে যে যিহূদিয়াত হেৰোদৰ স্থানত তেওঁৰ পুত্র আৰ্খিলায়ে ৰাজ্য শাসন কৰিছে, তেতিয়া তেওঁ তালৈ যাবৰ বাবে ভয় কৰিলে; পাছত ঈশ্বৰে এক সপোনত সাৱধান কৰি দিয়াত তেওঁ গালীল প্ৰদেশলৈ গ’ল,
23আৰু তাত নাচৰৎ নামৰ এখন নগৰত বসবাস কৰিব ধৰিলে। তেওঁক নাচৰতীয়া বোলা হ’ব, এই যি বচন ভাৱবাদী সকলৰ দ্বাৰাই কোৱা হৈছিল, এই বচন সিদ্ধ হবৰ বাবে এইদৰে ঘটিল।

Copyright information for AsmULB